Sunday, July 14, 2019

আৰ কে ৰ প্ৰিয় কবিতা

আৰ কে ৰ প্ৰিয় কবিতা
*****************

পাহাৰৰ চূড়াটোৰ সমান ওখ নহয় মই
তুমি চুই চাব নোৱাৰাকৈ।
তোমাৰ চোতালখনৰ সমান বহলো
নহয় মই
দেওঁ দি নাছিব পৰাকৈ।
কৃষ্ণচূড়া জোপাৰ দৰেও মই নহয়
হাতমেলি আলফুলে এপাহি খোপাত গুজিবলৈ।
এজাক চঞ্চল গাভৰুৰ উচ্চলতাত
উটি-ভাঁহি যাবলৈ।
মই শিৰীষৰ নিছিনাও নহয়,
তুমি ভাবিব পাৰা মোক
এডাল শিমলু বুলি-
যাৰ অবয়বত সহস্ৰ কণ্টক অপেক্ষাৰত
আচুৰি পেলাবলৈ কাৰোবাৰ কোমল হৃদয়,
যাৰ ডালে ডালে ৰঙা ৰঙা ফুল
ফাগুনৰ আকাশত জুই জ্বলাবলৈ।
বিজ্ঞানৰ গৱেষণাগাৰত ব্যৱচ্ছেদৰ বাবে
মোক হয়তো আজুৰি আনিব পাৰা।
পলাশ আৰু মদাৰৰ লগতো মোক
ৰিজাই চাব পাৰা-
যি এলাগি পূঁজাৰ বেদীত।
মোক দেখিলে বেঁকা হাঁহি এটি
বিৰিঙি উঠে ওঁঠৰ কোণত।
হাতৰ দুটি থাপৰতেই তুমি সন্ত্ৰস্ত

মাতৃত্ব বা পিতৃত্ব মোৰ বাবে মৰুপ্ৰভা মাত্ৰ।
সমাজত মোৰ পৰিচয় -
প্ৰথম নহয়, দ্বিতীয়ও নহয়,
তৃতীয় লিঙ্গ মাথোঁ ।

কবি হোৱাহেঁতেন

আঃ কবি হোৱা হেঁতেন!
নিউটনেও আপেলটোক সুধিলে হেঁতেন -
কিয় এৰি থৈ আহিলা প্ৰেমৰ বন্ধন? পৃথিৱীৰ ইমান নো কি প্ৰেম আছে,
যাৰ বাবে বিচ্ছেদৰ দুখ দি থৈ আহিলা গছক সমস্ত জীৱনৰ বাবে?

তেওঁ কবি হোৱাহেঁতেন, 
হয়তো গতিৰ সূত্ৰই সলনি হ'লহেঁতেন 
এনেদৰে-
১-তুমি ৰৈ থকা বাবেই ময়ো ৰৈ থাকোঁ
   তুমি গতি কৰিলেহে মোৰো দুভৰি লৰে। 
২-তোমাৰ হিয়াত যিমান মৰম আছে 
   মোৰ বাবে, 
   তাৰ সমানেই টানি থাকা মোক তোমাৰ
   কাষলে।
৩-তোমাৰ বুকুত যিমানে আছে মোৰ বাবে
   ভালপোৱা,
   তাৰ বিপৰীতে সিমানেই তুমি মোক
   খঙো কৰা! 
  
কবি হোৱা হেঁতেন,
আঃ কিমান যে নিৰিবিলি হ'লহেঁতেন
তোমাৰ আৰু মোৰো সময়!
চন্দ্ৰবিন্দুত ভাঁহি উঠিলহেঁতেন
শিৱৰ কান্ধত সতীৰ অৱয়ব!
কবি হোৱাহেঁতেন
এভ'গেদ্ৰয়ো দেখিলেহেঁতেন 
পৰমাণুৰ বুকুত প্ৰ'টন আৰু ইলেকট্ৰনৰ
মহাকাব্যিক প্ৰেমৰ নিদৰ্শণ! 

ময়ো কবি হোৱাহেঁতেন,
শাওঁণৰ পথাৰত সিচিলোঁহেঁতেন
শইচৰ পৰিবৰ্তে মোৰ প্ৰেমৰ মদিৰা!
তুমি ভৰাই ল'লাহেঁতেন
জীৱনৰ ভোগজৰা!

প্ৰস্তাৱনা

আমাৰ এই পেজত মোৰ কবিতা, গল্প, উপন্যাস আদি নিয়মীয়া কৈ পঢ়িবলৈ পাব।